আই অসমী
ইতিহাস প্ৰসিদ্ধ এয়াই মোৰ পবিত্ৰ জন্মভূমি
হোলোং গছৰ সেউজীয়াৰ মাজত তোমাৰ বক্ষতেই
কুলু-কুলু কৈ চিৰপ্ৰৱাহমান ৰ প্ৰতিশ্ৰুতিত
বুঢ়া লুইত ব্ৰহ্মপুত্ৰ।
তোমাৰ দুচকুৰ জলৰাশিত ফুলা পদুমৰ
মাজে মাজে দেওহাঁহৰ লগত শিহুৰ জলকেলি।
পৃথিৱীৰ সৰ্ববৃহৎ তথা কনিষ্ঠতম নদীদ্বীপৰ
অধিকাৰ তোমাৰেই শিৰোনাম ,
জগতগুৰু ৰ লেখীয়াকৈ সংগীত সুৰ্য্য ,নটসূৰ্য্যৰ
প্ৰতিষ্ঠিত এই পুণ্যভূমিত
অপূৰ্ব সৌন্দৰ্য্যৰ বৰ্ধক অংকুৰিত কলি
বিশ্ব দৰবাৰত উপস্থাপন কৰিলা ।
লুইতৰ পাৰতেই গৌৰৱান্বিত এশিঙীয়া গঁড় ৰ
বিচৰণস্থলীত উদ্ভাসিত হৈ উঠে শত-সহস্ৰ
পৰিব্ৰাজকৰ অকুণ্ঠ ভালপোৱাৰ ।
গছৰ ডালৰ কপৌফুল জোপাই জাতীয়
উৎসবৰ বতৰা শোদিত কৰিলে
অকৃত্ৰিম তা বিহিন তোমাৰ হিয়াত,
তুমি অনন্যা, শস্যশ্যামলা
তুমিয়েই এটা জাতিৰ সমন্বয়ৰ ক্ষেত্ৰ ,
মোৰ জননী জন্মভূমি ” অসম “
গোটেই জীৱনব্যাপী তোমাৰ শ্ৰীচৰণৰ
সেৱাত অংগীকাৰবদ্ধ মই
তোমাৰ হাতৰ উমাল পৰশতেই নিমজ্জিত হয়
মোৰ জীৱনৰ শেষ নিশ্বাসৰ ,
বাজি উঠে চেতনাৰ শ্লোগান
” জয় আই অসম “
বি দ্ৰ:: অনাকাংক্ষিত ক্ৰতি মাৰ্জ্জনীয়
লেখক = বিষ্ণু জ্যোতি