চিঞৰ
চিঞৰিছে আৰু চিঞৰিছে।
কিছুমান শব্দ যেন
কাণত ৰিং ৰিঙিয়াই বাজি উঠিছে।
কিন্তু কিহৰ?
হৃদয়ক সুধিলো, ” তোমাৰ হৃদস্পন্দনৰ আলোড়নৰ শব্দ নেকি এয়া? ”
হৃদয়ে উত্তৰ দিলে, ” ওহো, নহয়, সেই কিছুমান অজান শব্দ শুনিয়েইটো, হৃদস্পন্দনো বাঢ়িছে। “
চকুযুৰি লৈও চালোঁ;
ঢাকনি দুখন বন্ধ কৰি
তাৰেও চকুলো নিগৰিছে।
মনত ভয় আৰু শংকাও বাঢ়িবলৈ ধৰিছে !
কিন্তু কিহৰ?
শেষত, মগজুৱে সোঁৱৰাই দিলে, ” ভয়-শংকা তোমাৰ জীৱনৰ, চিঞৰ তোমাৰ সপোনবোৰৰ ! “
✍️ আব্দুল মজিদ আলী