Article

#জীৱন যাত্ৰা#

#জীৱন যাত্ৰা#

                     #জীৱন যাত্ৰা#

সৃষ্টিশীল মনৰ উদ্যমৰে জীৱনৰ প্ৰতিটো স্তৰত
আগুৱাই যোৱাৰ হাবিয়াস
সামাজিক পৰিবৰ্তনৰ চেতনা তথা মানৱ সম্পদ
গঢ়াৰ এক অভিপ্ৰায় আজি যেন ম্লান।
চাৰিওপিনে যেন আম্লিক সোৱাদৰ তিক্ততাপূৰ্ণ
ৰসাল কতুবাক্য, ককৰ্থনা আৰু ভয়ংকৰ শব্দ।
মহাত্মাৰ আদৰ্শ ৰ সেই তিনি বান্দৰো যেন আজি
নেতিবাচক ধাৰণাৰ প্ৰচাৰ মাধ্যম।
ৰণুৱা ঘোৰাও আজি যেন ক্লান্ত,
নতুনত্বৰ সন্ধানত অংকুৰিত গজালিবোৰ
আজি ধ্বংসস্তুপত পৰিণত ,
ৰৈ যায় মাথোন স্মৃতিৰে জৰ্জৰিত এক অধ্যায়।
জীৱন যাত্ৰা বৰ কঠিন অ!
সকলো জংক-পংক নেওচিও পৰুৱাৰ গতিত
আগবঢ়াৰ চেষ্টাত কোনোৱে যেন গচকিছে
আৰু কোনোৱে যেন মোহাৰিছে।
জহি-খহি যোৱা জীৱন যাত্ৰাত হাৰিব
নোখোজা মই এক জীৱন যোদ্ধা
ভগ্নপ্ৰায় পথৰ অবিৰত পথিক।


লিখক : বিষ্ণু জ্যোতি কৈৱৰ্ত্ত

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also
Close
Back to top button