বাস্তৱ
সপোনৰ পৰা হৈ আছোঁ বিফলিত
আধুনিকতাই ধৰিলে আগুৰি,
যান্ত্ৰিকতাৰ গ্ৰাসত পৰি আজি
আশাবোৰকো আছো মোহাৰি।
ত্যাগবোৰৰ কথা ত্যাগ কৰি
কষ্টবোৰকো গ’লো পাহৰি ,
কিহৰ সৈতে আজি ইমান ব্যস্ত হ’লো ?
অলপো যেন নাই আহৰি।
এলাগী হ’ল আজি মন
এলাগী হ’ল আজি শৰীৰ ,
পাহৰি দায়িত্ব, পাহৰি কৰ্তব্য
আশা কৰি আছো মাথোঁ হৰিৰ!
✍️ আব্দুল মজিদ আলী