বিদায়ী ক্ষণ
এটি বৰ্ষৰ বিদায়ী ক্ষণৰ ক্ৰন্দনত ত্ৰস্তমান হৈ সান্তনা সূচকৰ ৰূপত সেউজীয়া দলিচাৰ আচ্ছাদনত খোজ দি আগমন ঘটিল
‘বহাগ ‘ ৰ
প্ৰকৃতিও যেন যৌবনা হৈ উঠিল,
গছে-বনে অংকুৰিত হ’ল নতুনত্বৰ কোমল কুহিঁ।দুৰৈত কুউ-কুউ কৈ নিগৰিত শ্ৰুতিমধুৰ কণ্ঠ
এয়া নতুনত্বক আদৰাৰ হৰ্ষোধ্বনি নে
বিদায়ৰ বিষাদ , হয়তো নুবুজিলো …
মলয়া বতাহজাকো আজি শোকত ম্ৰিয়মান ,
বাউলী বাৰিষাৰ উন্মাদনাত নাচি-বাগি উঠিল
ৰুদ্ৰ বৰদৈচিলা ।
বৰ্ষাসিক্ত ধৰাত মাতাল হৈ উঠিল নদ-নদী
নতুনত্বৰ সৃষ্টিৰ আখৰাত ব্যাকুল হ’ল
এটা জাতিৰ সমন্বয়ৰ ক্ষেত্ৰ
বহাগ অ’
তয়েই কঢ়িয়াই আন নতুন প্ৰজন্মৰ যুগান্তৰকাৰী
চচ্ছ মানসিকতাৰ পৰিৱৰ্তন,
জগাই তোলা কুম্ভকৰ্ণ নিদ্ৰাত শুই পৰা
জনগণৰ জাতীয়তাবোধৰ চেতনা,
খুলি দিয়া তোমাৰ আলিঙ্গনৰ ৰঙীন সপোন
সিচঁৰিত কৰা শান্তি-সম্প্ৰীতিৰ স্বৰূপ
ধৰালৈ বোৱাই আনা আনন্দৰ জোৱাৰ,
সূখৰ বৃষ্টিপাত।
লিখক=বিষ্ণু জ্যোতি কৈৱৰ্ত্ত