Article

##পিতাই##

##পিতাই##

                                ## পিতাই ##

তোৰেই সান্নিধ্যত দেহত প্ৰথম সূৰ্য্যৰ কিৰণ লভিছিলো ,খোল খাইছিল জিৱনৰ আদিপাঠ ,
তোৰ খহতা হাতৰ সেই ভোটা আঙুলিৰ পৰশতেই
যেন নিমজ্জিত হৈ আছিল গোপন আদৰ্শ
দুবাহুৰ মাজত সোমাই পাইছিলো মৰম সাগৰৰ
অদৃশ্য আৰু অকৃত্ৰিম হাহিৰ খোৰাক।
পিতাই অ’
তোৰ দুই ওঁঠত ভাহি উঠা থোকাথোকি মাতৰ
শেষ শব্দকেইটাই এতিয়াও মোক আমনি কৰে অ’
হয়তো নুবুজিলো তোৰ বিষাদ বেদনা,
ওভতাৰ প্ৰতিশ্ৰুতি বিহীন ভাৱেই গুছিগলি
অজান ঠাইৰ ঠিকনা বিচাৰি ।
ক্ষমা কৰি দিবি পিতাই
ক্ষমা কৰি দিবি।।
তোৰ নিভাঁজ সাহসিক অনুপ্ৰেৰণাত বহু দুৰ-দিগন্তৰ দিশে অগ্ৰসৰ মই,
আকাশ চুবৰ মন ক্ৰমশ::


লিখক ==বিষ্ণু জ্যোতি কৈৱৰ্ত্ত

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also
Close
Back to top button