@. বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰাৰ বাবে বিদ্যালয়ৰ প্ৰধান শিক্ষকলৈ লিখা এখন আৱেদন
প্ৰতি
মাননীয়
——-বিদ্যালয়ৰ
প্ৰধান শিক্ষক মহোদয়ৰ সমীপেষু।
শ্ৰেণী শিক্ষক মহোদয়ৰ যোগেদি।
বিষয় :- বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰাৰ বাবে আৱেদন।
তাৰিখ:- ../../….
মহোদয়,
বিনীত সন্মান পূৰ্বক নিবেদন এই যে মোৰ জ্বৰ হোৱাৰ বাবে ….তাৰিখৰ পৰা …. তাৰিখলৈ ….দিন বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰিলোঁ।
গতিকে দয়ালু মহোদয়ে দয়া কৰি মোক উক্ত দিন কেইটাৰ জৰিমনা ৰেহাই দিয়ে যেন। এইটোৱেই মহোদয়ক জনাব লগীয়া মোৰ সৰল মিনতি।
ইতি
——————
মহোদয়ৰ একান্ত বাধ্য ছাত্ৰ/ছাত্ৰী
নাম:- শ্ৰী/শ্ৰীমতী–
শ্ৰেণী:—
ৰোল নং :—
অভিভাৱকৰ চহী:-
@. বিদ্যালয়ত হঠাৎ গা বেয়া হোৱাৰ বাবে চুটি বিচাৰি আৱেদন
প্ৰতি
মাননীয়
—বিদ্যালয়ৰ
প্ৰধান শিক্ষক মহোদয়।
বিষয়: হঠাতে গা বেয়া হোৱাৰ বাবে চুটি বিচাৰি আবেদন।
তাৰিখ:-
মহোদয়,
বিনীত সন্মান পূৰ্বক নিবেদন এই যে, আজি প্ৰথম/দ্বিতীয়/তৃতীয় পিৰিয়দৰ পিছত হঠাতে মোৰ গা বেয়া হোৱাৰ বাবে বিদ্যালয়ত উপস্থিত থাকিবলৈ অসমৰ্থ হৈ পৰিছোঁ।
গতিকে মহোদয়ে দয়া কৰি মোক ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰে যেন।
এয়াই দয়ালোঁ মহোদয়ৰ ওচৰত মোৰ সৰল প্ৰাৰ্থনা।
ইতি
মহোদয়ৰ বিশ্বাসী
শ্ৰী/শ্ৰীমতী:
শ্ৰেণী:
ৰোল নং:
@. Character Certificate Assamese Application
প্ৰতি,
প্রধান শিক্ষয়ত্রী
শ্রীমন্ত শংকৰদেৱ হাইস্কুল, তামুলীপথাৰ
বিষয়ঃচৰিত্ৰ প্রমাণপত্র বিচাৰি কৰা আবেদন ।
১৫/৫/২০১২০
মহোদয়া,
বিনীত সন্মানপূৰ্বক বিনীত নিবেদন এই যে মই আপােনাৰ বিদ্যালয়ৰ প্ৰাক্তন ছাত্রী। মই যোৱা ২০১৭ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত এই বিদ্যালয়ৰ পৰা প্ৰথম বিভাগত সুখ্যাতিৰে উত্তীর্ণ হৈছিলাে। ইয়াৰ বাহিৰেও মই বিদ্যালয়ৰ বিভিন্ন কাৰ্য্সূচীত অংশগ্রহণ কৰিছিলো যেনে অন্যান্য খেল ধেমালিত,সাংস্কৃতিক কাৰ্যসূচী আদি।বর্তমান মই কমাৰগাওঁ মহাবিদ্যালয়ত সমাজতত্ত্ব বিভাগত অধ্যয়ন কৰি আছো। সম্প্রতি চাকৰিৰ বাবে আবেদন কৰিছো ,সেইবাবে মোক চৰিত্ৰ প্ৰমাণ পত্ৰ এখনৰ প্ৰয়োজন হৈছে।
আশাকৰো অতি সােনকালে মােক উক্ত প্রমাণ পত্রখন প্রদান কৰি ব্যাধিত কৰে যেন ।এয়ে আপোনাৰ ওচৰত মোৰ সৰল প্রার্থনা।
ইতি
আপােনাৰ বিশ্বাসী
নাম-
@. Assamese Application For Certificate
দিনাংক-15/05/2020
প্ৰতি
মাননীয়
প্ৰধান অধ্যাপক মহোদয়
মিলন হাইস্কুল আৰিকুছি
বিষয়- বিদ্যালয় ত্যাগৰ প্ৰমাণপত্ৰ বিচাৰি আবেদন
মহোদয়
বিনীত নিবেদন এই যে মই আপোনাৰ বিদ্যালয়ৰে এগৰাকী ছাত্ৰী হও॥ মই ইং 2017 বৰ্ষত আপোনাৰ বিদ্যালয়ত নামভৰ্তি কৰিছিলো… কিন্তু মোৰ ব্যক্তিগত সমস্যাৰ বাবে মই বিদ্যালয়ৰ আনুষ্ঠানিক শিক্ষা অষ্টম শ্ৰেণীৰ পৰা ত্যাগ কৰিব লগীয়া হল॥ মহোদয়, বৰ্তমানে মোক স্কুল এৰাৰ প্ৰমাণ পত্ৰ খনৰ আৱশ্যক॥ গতিকে মহোদয়ে মোৰ ভুল-ক্ৰুটি মাৰ্জনা কৰি মোক প্ৰমাণ পত্ৰ খন দিয়ে যেন॥
এয়ে মহোদয়ৰ ওচৰত মোৰ সৰল মিনতি॥
ইতি
আপোনাৰ একান্ত বিশ্বাসী ছাত্ৰী
নাম=
শ্ৰেণী=.
ৰোল নং=
শিক্ষা বৰ্ষ= 2017-2019
অভিভাৱক/অভাৱিকাৰ চহী
@. Assamese Job Application Sample | How to Write Job Application In Assamese
প্ৰতি,
মাননীয় পৰিচালক মহোদয়
…..বিভাগ।
বিষয়:-চাকৰিৰ বাবে আবেদন।
তাৰিখ..
মহোদয়/মহোদয়া,
যোৱা ইংৰাজী 11/05/20 তাৰিখৰ নিয়োগ বাৰ্তা কাকতৰ এটি বিজ্ঞানত আপোনালোকৰ প্ৰতিষ্ঠানত এটি পদৰ বাবে অভিজ্ঞ এজন প্ৰাৰ্থীৰ আৱশ্যক বুলি জানিব পাৰিছো।উক্ত পদৰ বাবে মই নিজকে উপযুক্ত বুলি ভাবি মোৰ প্ৰাৰ্থীত্ব আগবঢ়ালো।মোৰ শিক্ষা গত অৰ্হতা স্নাতক উত্তীৰ্ণ লগতে এবছৰীয়া কম্পিউটাৰ ডিপ্লমা সমাপ্ত কৰিছোঁ।বৰ্তমান এটা ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰাৰ তিনি বছৰীয়া অভিজ্ঞতা আছে।মোৰ বিশ্বাস আপোনালোকৰ প্ৰতিষ্ঠানত মই নিষ্ঠাৰে কাম কৰি আগুৱাই লৈ যাম।
মই মোৰ সকলো ধৰণৰ যাৱতীয় তথ্য উল্লেখ কৰিলোঁ।অনুগ্ৰহ কৰি আপোনালোকৰ মতামত জনাই কোন দিনা সাক্ষাৎকাৰ হয় মোক জনাব বুলি আশা কৰিলোঁ।
ধন্যবাদ
আপোনালোকৰ বিশ্বাসী
নাম
ফোন নাম্বাৰ
তাৰিখ
শিক্ষাগত অৰ্হতা
@. Asaamese Application For Newspaper | How to write Application for Assamese Newspaper
প্ৰতি
মাননীয়
সম্পাদক ডাঙৰীয়া
“দৈনিক জনমভূমি”
তুলসী নাৰায়ণ পথ,
নেহেৰু পাৰ্ক, যোৰহাট।
তাং– ১৫/০৫/২০২০
বিষয়– কবিতা প্ৰকাশৰ বাবে আৱেদন।
মহোদয়,
মই মোৰ এটি স্বৰচিত কবিতা আপোনাৰ বহুল প্ৰচাৰিত ‘দৈনিক জনমভূমি ‘ কাকতত প্ৰকাশৰ বাবে প্ৰেৰণ কৰিছো। উক্ত কবিতাটো যদি বিবেচিত হয়। আপোনাৰ কাকতৰ “কাব্যদিন” শিতানৰ যোগে প্ৰকাশ কৰিলে আনন্দিত হ’ম।
ইতি
আপোনাৰ বিশ্বাসী
শ্ৰীমতী বৰ্ষা বৰা
বি.এ.এল.এল.বি অষ্টম ষন্মাসিক,
যোৰহাট অইন মহাবিদ্যালয়।